মাইলছ ব্ৰানচান

   মাইল্‌ছ ব্ৰন্‌ছন চাঙো ছাকছা আমেৰিকান বাপ্তিছ মিছনাৰি জাআন উত্তৰ-পূব ভাৰততি বিছেছখাৰে নগা জাতনি মৌদ্ৰি খ্ৰিছতানি ইতিহাছতি ছুকায় চাঙাতা। ১৮১২ চনক ২০ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰ নিউয়ৰ্ক ৰাজ্যৰ নৰৱে নামৰ ঠাইত এটি কৃষক পৰিয়ালত ব্ৰন্‌ছনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ওচি ব্ৰন্‌ছন আৰু মাতৃৰ নাম ৰিবেকা ব্ৰন্‌ছন। তেওঁ পৰিয়ালৰ অতি আদৰৰ আছিল। ব্ৰনছনৰ পঢ়া-শুনা ক্ষেত্ৰত বৰ চোকা আছিল। তেওঁৰ প্ৰাথমিক শিক্ষা কৰিছিল নিজৰে জন্মস্থানৰ আনাইডা ইনষ্টিটিউট আৰু ইটেকা ইনষ্টিটিউটত। উচ্চ শিক্ষাৰ বাবে ওচৰৰ নগৰতে লৈছিল। পিছত তেওঁ এখন গাঁৱৰ বিদ্যালয়ত শিক্ষকতা কৰে। ১৮৩৩ চনত উচ্চতৰ শিক্ষাৰ বাবে হেমিল্টন লিটাৰেছাৰ এণ্ড থিয়’লজিকেল ইনষ্টিটিউচনত(বৰ্তমান কলগেট ইউনিভাৰ্চিটি) ১৯৩৬ চনত স্নাতক কৰে। নিউয়ৰ্ক মেডিচন নগৰৰ ৰূথ মণ্টেগু নামৰ এগৰাকী কন্যাৰ লগত ১৯৩৬ চনৰ ৭ চেপ্তেম্বৰ মাহত বিবাহপাশত আবদ্ধ হয়।

    ইতিমধ্যে অসমৰ প্ৰশাসনীয় দায়িত্বত থকা ইংৰাজ আয়ুক্ত ফ্ৰান্সিচ জেন্‌কিঞ্চে আৰু অসমৰ মিছনেৰী নাথান ব্ৰাউনে অসমলৈ অধিক মিছনেৰী পঠাবৰ বাবে আমেৰিকান বাপ্তিষ্ট মিছনেৰী ইউনিয়নৰ প্ৰতি অনুৰোধ জনায়। সেয়েহে ১৮৩৬ চনৰ ২৯ এপ্ৰিলত মাইল্‌ছ ব্ৰন্‌ছন আৰু জেকব থমাছ নামৰ এজনকো অসমৰ বাবে মিছনেৰী পদত নিযুক্তি পঠিয়াই। ১৮৩৬ চনৰ ১৭ অক্টোবৰত ব’ষ্টনৰ পৰা তেওঁলোক দুয়ো সপৰিবাৰে লগত এটি ছপাশাল আৰু ছপাৰ বাবে যাৱতীয় সম্ভাপ লৈ জলপথে যাত্ৰা কৰি কলিকতা(বৰ্তমান কলকতা)ত ১১ এপ্ৰিলত উপস্থিত হয়। ১৮৩৭ চনৰ ২৬ এপ্ৰিলত কলকতাৰ পৰা অসমলৈ নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ৰাওনা কৰে। বিশ্বনাথ ঘাটৰ ওচৰত ব্ৰন্‌ছনৰ মেলেৰিয়া বেমাৰ হয়, তাকে থমাছ ওষধপাতি বিচাৰি শদিয়ালৈ যাওঁতে ৭ জুলাইৰ দিনা চৈখোনাৰ ওচৰত নদীৰ পাৰৰ দুজোপা গছ বাগৰি নাৱত পৰাত নাওখন পানীত ডুবি যায়। নাৱৰীয়া কেইজন ৰক্ষা পৰে যদিও থমাছৰ তাতে মৃত্যু সাবতি লগা হয়। মিছনৰ সহযোগী আলিভাৰ কাটাৰে মৃতকৰ শৱ শদিয়ালৈ আনে আৰু ব্ৰাউনে তেওঁক সৎকাৰ কৰে। ব্ৰন্‌ছনে ৰোগীয়া শৰীৰেৰে তেওঁৰ ভাৰ্যা আৰু থমাছৰ বিধবা পত্নীসহ ১৮৩৭ চনৰ ১৭ জুলাইত শদিয়া পায়গৈ।

   তেওঁ অসমৰ মিছনাৰী হৈ আহি অসমৰ চুকে-কোণে, গাঁৱে-ভূঁয়ে লোকসকলৰ ভাষা-সংস্কৃতিৰ অধ্যয়ন কৰি যীচুৰ অমৃতবাণী ঘোষণা কৰাৰ লগতে বিভিন্ন ঠাইত বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণৰো ব্যৱস্থা, অনাথ আশ্ৰমো খোলে। বৰ্তমানৰ নগাঁও মিছন হাইস্কুলৰ তেৱেঁই প্ৰতিষ্ঠাপক। তেওঁ অসমৰ লগতে বাহিৰতো বিভিন্ন ঠাইত মণ্ডলী আৰু মিছন কেন্দ্ৰও স্থাপন।

    মাইল‌্‌ছ ব্ৰন্‌ছনে অসমত ১৮৩৭ চনৰ ১৭ জুলাইৰ পৰা ১৮৪৭, ১৮৫১ চনৰ পৰা ১৮৫৭ চনৰ অক্টোবৰ, ১৮৬০ চনৰ পৰা ১৮৬৮ আৰু ১৮৭০ চনৰ পৰা ১৮৭৯ চনলৈকে সেৱা আগবঢ়ায়। ব্ৰন্‌ছনে সুদীৰ্ঘ বিয়াল্লিশ বছৰ কষ্টসহকাৰে অসমত সেৱা আগবঢ়াই ১৮৮৩ চনৰ ৯ নৱেম্বৰত আমেৰিকাৰ মিচিগান ৰাজ্যৰ এটন ৰেপিড্‌চ নামৰ ঠাইত তেওঁ ইহলীলা সম্বৰণ কৰে।

    উল্লেখযোগ্য যে তেওঁ অসমত আহি বহুটো কিতাপ লিখি উলিয়াইছিল। ১৮৩৭ চনত Spelling Book and Vocabulary in English, Assamese, Singpho and Naga নামে কিতাপখনি উলিয়ায়। দুবছৰতে এজন বিদেশী মানুহে তিনিটা ভাষা শিকি লৈ এখন কিতাপ লিখিব পৰাটো নিশ্চয়কৈ বিস্ময়কৰ।

    মাইল্‌ছ ব্ৰন্‌ছনৰ এই প্ৰচেষ্টাই নাগালেণ্ড আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ধৰ্মীয়, শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশত স্থায়ী প্ৰভাৱ পেলাইছিল। তেওঁৰ অৱদানক খ্ৰীষ্টান সম্প্ৰদায় আৰু নগা জনগোষ্ঠী উভয়ৰে অতিশয় সন্মান কৰে।

বক্ৰা পায়কায়

Your encouragement is valuable to us

Your stories help make websites like this possible.